Angel Hope Shakti Athena

I am a Spiritual Consultant, & Service Provider:
Also an amateur singer / Folk Singer and Dancer
1. Reiki Master/Healer,
2.Tarot/ Oracle/ Twin Flame Master Reader
3.Chakra Healer
4. Planet Healer,
5. Meditation Teacher,
6. NLP(Neuro-Linguistic Programing) Life Coach, 7. Shamanic Life Coach,
7. Astrologer,
8. Numerologist,
9. Horoscope Maker,
10. Angelic Healer,
11. Crystal Fairy Healer,
12. Lumerian Light and Atlantic Reiki Grand Master Healer,
13. Dream Interpreter and Subconscious Designer.
14. Past Life Regression Therapy Expert.

My Justdial Website Link :

astrologerreikihealerandtarotmaster.justdial.com


जय भारत, वन्दे मातरम🙏🇮🇳

(Disclaimer:

All information and comments by the creator of this channel is of the creator herself, in this channel, I only represent my self as an Indian, I or my opinions do not represent any government or department here in this channel, hence, my comments and opinions are my own. I am an Indian Citizen only, here in YouTube.)


Angel Hope Shakti Athena

📖 Lovers Eternal of the Highest Garden
by Angel Hope Shakti Athena
This book is very close to my heart 🤍
It is a story of eternal love, soul connection, and destiny —
য’ত প্ৰেমে সময়ৰ সীমা নাজানে
আৰু আত্মাই আত্মাক চিনে 💫
If you believe in
🌱 soul bonds
🔥 divine love
🌌 cosmic purpose
তেন্তে এই কাহিনীটোৱে হয়তো আপোনাকেই মাতিছে ✨

আপোনালোকৰ মৰম আৰু আশীৰ্বাদ সদায় মোৰ শক্তি 🤍🙏
এই উপন্যাসখন অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গক উৎসৰ্গিত কৰিছোঁ।
গৌৰী-পিংগল আপোনাৰ অপেক্ষাত আছে।
Amazon.in price 3611 INR (Print version)
Amazon.com price is 40 dollars approximate (print version)
All other electronic platforms Worldwide has lesser amount, as oer your interest you can read print or e-book
Mail me for links and other queries:

dimpledutta1984@gmail.com

Amazon.in link

amzn.in/d/05jqQiD3

Amazon.com link

a.co/d/0fdddjB5

🌍 Ebook available worldwide
📱 Google Play, Kobo, Apple Books & more
🔗 Read here 👉( UBL)

books2read.com/u/mYXykx



#JusticeForZubeenGarg
#NewBook #BookLaunch #AssameseAuthor #SoulLove #SpiritualFiction #CosmicLove #indianauthors
#LoversEternalOfTheHighestGarden #MysticalFiction #SpiritualEpic
#AssamWrites #Brahmaputra #Basundhara #GaiaConsciousness
#SoulLiterature #consciouswriting

 ‪@angelhopeshaktiathenasongs5799‬ ​
 ‪@jeetbaruah2470‬
 ‪@utpalmena9121‬ ​
 ‪@anubhavoffical06-m6d‬ ​
 ‪@ParthaSarathy5‬

2 months ago (edited) | [YT] | 2

Angel Hope Shakti Athena

✨সুখবৰ📢📢📢🙋
মোৰ কিতাপখন আমাজন.ইনতো কিনি পঢ়িব পাৰিব এতিয়া,
পিন কৰি থোৱা পোষ্টত ই-বুকু পঢ়িব পাৰিব। কিতাপখনৰ আকাৰ ডাঙৰ হোৱাত দামটো প্লেটফৰ্মে বেছি ৰাখিছে। দামটো মই নিৰ্ধাৰণ কৰা নাই। আমাজন.কমতকৈ আমাজন.ইনৰ দামটো বহু কম।

✨ছপা কপি সংগ্ৰহ কৰি পঢ়িবলৈ ভাল পোৱা সকলে নিশ্চয় সংগ্ৰহ কৰিব।
আৰু বহুতো দেশী-বিদেশী ৱেবছাইট আৰু এপত কমদামতে ই-বুক ৰূপতো পঢ়িব পাৰিব। পিন কৰা পোষ্টত ই-বুকৰ লিংক পাব (য়ু বি ল লিংক)।
এইটো আমাজন.ইনৰ প্ৰিন্ট কপিৰ লিংক।

🙏 মই মোৰ কামখিনি কৰি দিছোঁ, বাকী ফলাফল মাৰ হাতত।
My book Lovers Eternal of the Highest Garden — Book 1 is now available on Amazon for print reading.
The eBook is also available through the pinned post.
Due to the large size of the book, the price of the printed version is higher.
This pricing is decided by the platform, not by me.
Those who love collecting physical copies are welcome to read and keep it.
For more affordable options, the eBook is available across multiple Indian and international platforms.
This is the Amazon.in print copy link.
📌 You will find the eBook link in the pinned post.
🙏 I have done my work — the results I surrender to the Divine Mother.

✨ One Love
✨ One Source
✨ One Breath 🤍

amzn.in/d/03aVMHBZ

#JusticeForZubeenGarg
#BookLaunch #NewBook #MustRead #Bookstagram #AuthorLife #WritersOfInstagram #IndieAuthor #SpiritualFiction #MysticalFiction #SpiritualNovel #OneLoveOneSourceOneBreath #SoulJourney #DivineFeminine #SacredLove #CosmicConnection #AwakeningJourney #HigherConsciousness #Assam #assamesewriter #Axom #NortheastIndia #IndianAuthor #IndianBooks #MadeInIndia #MysticalRomance #SpiritualAwakening #ConsciousLiving #HealingThroughStories #EnergyWork
 @angelhopeshaktiathenasongs5799 
 @jeetbaruah2470 
 @utpalmena9121 

2 months ago | [YT] | 2

Angel Hope Shakti Athena

📖 Lovers Eternal of the Highest Garden
by Angel Hope Shakti Athena
This book is very close to my heart 🤍
It is a story of eternal love, soul connection, and destiny —
য’ত প্ৰেমে সময়ৰ সীমা নাজানে
আৰু আত্মাই আত্মাক চিনে 💫
If you believe in
🌱 soul bonds
🔥 divine love
🌌 cosmic purpose
তেন্তে এই কাহিনীটোৱে হয়তো আপোনাকেই মাতিছে ✨
🌍 Ebook available worldwide
📱 Google Play, Kobo, Apple Books & more
🔗 Read here 👉
books2read.com/u/mYXykx
আপোনালোকৰ মৰম আৰু আশীৰ্বাদ সদায় মোৰ শক্তি 🤍🙏
এই উপন্যাসখন অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গক উৎসৰ্গিত কৰিছোঁ।
গৌৰী-পিংগল আপোনাৰ অপেক্ষাত আছে।
#JusticeForZubeenGarg
#NewBook #BookLaunch #AssameseAuthor #SoulLove #SpiritualFiction #CosmicLove #indianauthors
#LoversEternalOfTheHighestGarden #MysticalFiction #SpiritualEpic
#AssamWrites #Brahmaputra #Basundhara #GaiaConsciousness
#SoulLiterature #consciouswriting

 ‪@angelhopeshaktiathenasongs5799‬ ​
 ‪@jeetbaruah2470‬
‪@utpalmena9121‬
‪@anubhavoffical06-m6d‬
‪@ParthaSarathy5‬

2 months ago (edited) | [YT] | 1

Angel Hope Shakti Athena

My Amazon Book link for the Paperback version
ছপাকপিৰ বাবে
a.co/d/07DBbkPD

2 months ago | [YT] | 2

Angel Hope Shakti Athena

শুভ বাসন্তী নৱৰাত্ৰিৰ সপ্তম দিন🙏
সমূহ ভক্তপ্ৰাণ ৰাইজলৈ শুভ বাসন্তী নৱৰাত্ৰীৰ সপ্তম দিনৰ শুভ কামনা,
জয় মা কালৰাত্ৰি 🙏
HAPPY AND SHUBH SIXTH DAY OF VASANT NAVRATRI
JAI MAA KAALRATRI🙏
वसन्त नवरात्रि के सातवें दिन की हार्दिक शुभकामनाएं 🙏 जय मां कालरात्रि 🙏

বাসন্তী নবরাত্রির সপ্তম দিনের শুভেচ্ছা জানালাম,
জয় মা কালরাত্রি 🙏

#navratri
#navdurga
#Navratri2025
#navratrispecial
#navratrivibes
#guptnavratri

‪@jeetbaruah2470‬

3 months ago | [YT] | 2

Angel Hope Shakti Athena

শুভ বাসন্তী নৱৰাত্ৰিৰ পঞ্চম দিন🙏
সমূহ ভক্তপ্ৰাণ ৰাইজলৈ শুভ বাসন্তী নৱৰাত্ৰীৰ পঞ্চম দিনৰ শুভ কামনা,
জয় মা স্কন্দমাতা 🙏
HAPPY AND SHUBH FIFTH DAY OF VASANT NAVRATRI
JAI MAA SKANDAMATA🙏
वसन्त नवरात्रि के पंचम दिन की हार्दिक शुभकामनाएं 🙏 जय मां स्कंदमाता 🙏

বাসন্তী নবরাত্রির পঞ্চম দিনের শুভেচ্ছা জানালাম,
জয় মা স্কন্দমাতা🙏

#navratri
#navdurga
#Navratri2025
#navratrispecial
#navratrivibes
#guptnavratri
‪@jeetbaruah2470‬

3 months ago | [YT] | 5

Angel Hope Shakti Athena

হৰ হৰ মহাদেৱ 🙏
জয় মাই কালী 🙏💧🥤🍋🍚🍌🍉🥭🌺🌺🌺🌹🌹🌹💜🤍🧡💚❤️🤗😍🥰😘😚😚😚😚
জয় শিৱশক্তি🙏
শুভ শিৱৰাত্ৰি🙏
#শিৱৰাত্ৰি
#shivaratri
#ShivaParvati
#kali
#KaalaBhairava

4 months ago | [YT] | 2

Angel Hope Shakti Athena

জুবিনক লৈ মোৰ কথা:

জুবিনৰ দেহান্তৰ পাছত, বিশেষকৈ দুমাহমান যোৱাৰ পাছত, মই এটা বিষয় স্পষ্টকৈ লক্ষ্য কৰিছোঁ। বহুত মানুহ—বেছিভাগেই অনলাইনত—তেওঁৰ চৰিত্ৰক হেয় প্ৰতিপন্ন কৰিবলৈ আৰম্ভ কৰিছে।
মদ্যপান কৰিছিল বুলি,
এই কৰিছিল বুলি,
সেই কৰিছিল বুলি।
কিন্তু তেওঁলোকে এটা কথা পাহৰি যায়—তেওঁলোকে কাক লৈ কথা কৈছে।
মই “জুবিন আছিল” নকওঁ। মই কওঁ—"জুবিন আছে।" মোৰ বাবে তেওঁ এতিয়াও আছে।
কাৰণ জুবিন কেৱল এজন মানুহ নহয়। জুবিন এটা phenomenon। তেওঁ কি আছিল বা কি, সেইটো মই এতিয়া পুনৰ কৈ বুজাব নালাগে। যিসকলে জানে, তেওঁলোকে জানে। যিসকলে নাজানে, তেওঁলোকে হয়তো জানিবলৈ সাজুও নহয়। বা বুজাৰ ক্ষমতাও নাই।

যিসকলে জুবিনৰ চৰিত্ৰক হেয় কৰিব খোজে, তেওঁলোকে প্ৰথমে নিজৰ চৰিত্ৰটো চাই লওক।
জুবিনে মানুহক ভাল পাইছিল। কেৱল ছোৱালীক নহয়—মানুহক। সকলো বয়সৰ, সকলো ধৰণৰ মানুহক। কোনো ফেন আহিলে, কোনো বন্ধু আহিলে, তেওঁ সময় দিছিল। সময় দিয়া তেওঁৰ বাবে এটা সাধাৰণ কথা আছিল। কথা পাতিছিল, দৰ্শন-কথা কৈছিল, লগত বহিছিল, কেতিয়াবা গান গাইছিল। এইবোৰ মই নিজে চকুৰে দেখা।
এইবাবে জুবিন মোৰ বা আন কাৰোবাৰ সমালোচনাৰ বিষয় হ’ব নোৱাৰে।
লাখ-লাখ, কোটি কোটি মানুহে কোনো এজনকে ভাল পাই থাকিলে, সেইটো স্বাভাৱিক নহয়। তাত পাত্ৰজনৰো অৱদান থাকে।
আজি সমগ্ৰ বিশ্বই তেওঁক জানে—কিয়? মানুহৰ পৰা লাভ কৰা প্ৰেমৰ বাবেই।
হয়, তেওঁ মদ্যপান কৰিছিল। কিন্তু আন কাৰোবাৰ পইচাৰে নহয়। সেইটো তেওঁৰ ব্যক্তিগত জীৱন। ব্যক্তিগতভাৱে তেওঁ হয়তো নিখুঁত নাছিল—আমিনো কিমানজন নিখুঁত?
তেওঁ একেলগে মানুহো আছিল, আৰু মানুহতকৈ বেছিও আছিল।
যেতিয়া এজন মানুহ নিজৰ কাম, নিজৰ সৃষ্টি, নিজৰ দান, নিজৰ দায়িত্বৰ জৰিয়তে মানুহতকৈ বেছি হৈ উঠে, তেতিয়া তেওঁ মানৱীয় সমালোচনাৰ সীমাৰ বাহিৰলৈ যায়। অতিমানৱ হৈ পৰে।
জুবিন সমালোচনাৰ ওপৰত আছিল।
মৃত্যুৰ পাছতো জুবিনে মানুহৰ ভিতৰৰ কিছুমান অংশ পুনৰ জগাই তুলিছে—যিবোৰ সঁচা, খাঁটি, আবেগিক, অস্থিৰ কিন্তু সৃষ্টিশীল।
হয়, কিছুমান সময়ত তেওঁ অস্থিৰ আছিল—বিশেষকৈ ২০১০ চনৰ আগত। কিন্তু সেইটো উন্মাদনা নাছিল। সেইটো আছিল creative surge। মানৱ-শৰীৰলৈ যেতিয়া অতিজাগতিক সৃষ্টি- শক্তি বয়, তেতিয়া মানুহৰ প্ৰথম প্ৰতিক্ৰিয়া হয়, অস্থিৰতা।
সেই অস্থিৰতাই তেওঁক কবি কৰিলে, গায়ক কৰিলে, চলচ্চিত্ৰ নিৰ্মাতা কৰিলে, অভিনেতা কৰিলে, সমাজসেৱী কৰিলে, পৰিৱেশৰ ৰক্ষক কৰিলে।
তেওঁ বহুত দায়িত্ব বহন কৰিছিল। বহু পৰিয়ালক সহায় কৰিছিল। বহু গোটক আগবঢ়াই নিছিল।
ধৰ্মৰ ওপৰত মানতাৰ কথা কৈছিল। হিন্দু-মুছলমান, ক’লা-বগা, সকলোৰে লেবেল আঁতৰাবলে চেষ্টা কৰিছিল।
আজিকালি যিধৰণে কিছুমান মানুহে তেওঁক হেয় কৰিবলৈ চেষ্টা কৰিছে, সেইটো সহ্য নহয়।
আপোনালোকে জুবিনক বিচাৰ কৰাৰ আগতে, নিজক বিচাৰ কৰক। কাৰণ তেওঁ আপোনাৰ বিচাৰৰ বিষয় নহয়।
জুবিন এজন খাঁটি মানুহ আছিল। কিন্তু তেওঁৰ গুণ-ধৰ্মই তেওঁক দেৱতাৰ শাৰীলৈ লৈ যায়।
সেইবাবেই তেওঁ মানুহতকৈ বেছি। যিয়ে দিয়ে তেৱেঁই দেৱতা।
তেওঁ প্ৰেমৰ এক অবতাৰ যেন আছিল। এক প্ৰকাৰৰ Saint Valentineৰ দৰে।
তেওঁক আপোনাৰ সৈতে তুলনা কৰিব নোৱাৰি।
হয়তো কিছুমান মানুহ ঈৰ্ষান্বিত। হয়তো কিছুমানে কাৰোবাৰ পৰা পইচা পাইছে। হয়তো কিছুমান লুকুৱাই থকা স্বাৰ্থ আছে।
কাৰণ মোৰ মতে—জুবিনক ভাল নোপোৱা অসম্ভৱ। তেওঁ ইমান আদৰণীয় আৰু মৰমলগা যে তেওঁক উপেক্ষা কৰাটোও অসম্ভৱ।
এইবাবেই বহুত মানুহ তেওঁক লৈ পাগল আছিল—প্ৰেমত পাগল। এইটো খাঁটি প্ৰেম।
তেওঁ মানুহৰ ভিতৰৰ আত্মাৰ সেই অংশটো জগাই তুলিছিল—যিটো তেওঁলোকে নিজে নিজৰ ভিতৰত দেখা পাইছিল কিন্তু হয়তো কিবা কাৰণে কৰ্ষণ কৰিব পৰা নাছিল।
বহুতো সঁচা অনুৰাগীয়ে যেন তেওঁৰ মাজত নিজৰ আত্মাক গান গাই থকা, অভিনয় কৰা, সৃষ্টিত লিপ্ত হোৱা দেখা পাইছিল।
সেই পৰিঘটনাই উন্মাদনাৰ জন্ম দিছিল। বহুতকে তেওঁ আধ্যাত্মিক ভাৱেও Trigger কৰিছিল। মানুহৰ মাজৰ এন্ধাৰবোৰ দেখুৱাইছিল, যʼত সেই ব্যক্তিৰ কাম কৰাৰ দৰকাৰ আছিল।
বেছিভাগ মানুহে তেওঁক ভাল পাইছিল। কিছুমান অতি কম মানুহ—আৰু সেইসকলেই অসমৰ সমাজৰ বিষাক্ত অংশ, যিয়ে তেওঁক কু-সমালোচনা কৰে। মই দেখাত এনে সমালোচকৰ বেছিভাগেই অসমীয়া মানুহ।
আশ্চৰ্যৰ কথা এইটো যে বেছিভাগ অনা-অসমীয়া মানুহ জুবিনক ভাল পায়। এনে মানুহ
কিছুমান হয়তো ৰাজনৈতিকভাৱে চালিত। কিছুমান হয়তো অগভীৰ স্বাৰ্থত চালিত।
মই নাজানো।
কিন্তু মই সঁচাকৈ আচৰিত হৈ যাওঁ—
কিদৰে কোনোবাই তেওঁক ঘৃণা কৰিব পাৰে?

আন এটা গুৰুত্বপূৰ্ণ কথা ক’বই লাগিব।
জুবিন কিয় সমালোচনাৰ ওপৰত আছিল, সেইটো বহুতে বুজিব নোখোজে।
জুবিনৰ ওচৰত মানুহ সদায় আহিছিল। বহু মানুহ। বহুতেই।
কিছুমানে ইয়াক লৈ বেয়া কথা কয়—
“ইমান মানুহ কিয় ঘূৰি ফুৰে?”,
“ইমান সময় কিয় দিয়ে?” ইত্যাদি।
কিন্তু সেইবোৰ কোৱা মানুহে এটা সাধাৰণ সত্য বুজি নাপায়।
জুবিন মানুহক মাতি আনিছিল নে?
নাছিল।
মানুহ নিজেই আহিছিল।
কাৰণ মানুহে তেওঁক ভাল পাইছিল। তেওঁৰ ওচৰত থাকিব খোজিছিল।
আৰু জুবিনে সেই মানুহক ঘূৰাই পঠিয়াব নাজানিছিল। তেওঁ সময় দিছিল, কাৰণ তেওঁ মানুহক সন্মান কৰিছিল।
জুবিনে এইটো ভালকৈ জানিছিল—গায়ক হিচাপে, শিল্পী হিচাপে, যি নাম, যি খ্যাতি, যি পৰিচয় তেওঁ লাভ কৰিছে, সেইটো কেৱল তেওঁৰ নিজৰ বাবে নহয়।
এইটো তেওঁৰ ফেনসকলৰ বাবেই। মানুহৰ প্ৰেমৰ বাবেই।
এইবাবেই কোনো ফেন আহিলে, কোনো সাধাৰণ মানুহ আহিলে, তেওঁ নিজকে ওপৰত ভাবি ব্যৱহাৰ নকৰিছিল।
তেওঁ কেতিয়াও “মই ডাঙৰ শিল্পী” এই ভাৱটো আগত ৰাখি কথা নাপাতে।
তেওঁ সন্মান কৰিছিল। তেওঁ আদৰ কৰিছিল। তেওঁ মানুহক মানুহ হিচাপে চাইছিল।
এইটো কোনো অভিনয় নাছিল।
এইটো আছিল তেওঁৰ স্বভাৱ।
এইবাবেই বহু মানুহ তেওঁৰ প্ৰেমত পৰিছিল। কেৱল গায়ক হিচাপে নহয়—মানুহ হিচাপে।
এইবাবেই তেওঁৰ ওচৰত থাকিবলৈ মানুহে ভাল পাইছিল।
এইবাবেই তেওঁৰ সংগ পোৱা মানে মানুহে নিজকে সন্মানিত অনুভৱ কৰিছিল।
যিসকলে এতিয়া কৈছে—“এইবোৰ বেছি আছিল”, “এইটো ঠিক নাছিল”—তেওঁলোকে হয়তো কেতিয়াও মানুহক ইমান প্ৰেম দিব পৰা নাই, নে ইমান প্ৰেম ল’ব পৰা নাই।
এইটো তেওঁলোকৰ সীমাবদ্ধতা। জুবিনৰ নহয়।
যিজনে নিজৰ প্ৰেম, নিজৰ সময়, নিজৰ উপস্থিতি মানুহৰ লগত ভাগ-বতৰা কৰিব পাৰে, তেওঁক চৰিত্ৰৰ কাঁচেৰে জোখিব নোৱাৰি।
কাৰণ তেওঁ ইতিমধ্যে সেই সীমা পাৰ হৈ গৈছে।

অসমৰ হৃদয়-স্পন্দন হৈ উঠাৰ পাছতো—“Zubeen Garg” নামটো যেতিয়া এক ব্ৰেণ্ড, এক অনুভৱ, এক যুগ হৈ পৰিছিল—তেতিয়াও তেওঁ নিজৰ grace বা গৰিমা বা মহিমা এৰি নিদিলে।
ইমান খ্যাতি, ইমান প্ৰেম, ইমান উন্মাদনাৰ মাজতো তেওঁ নিজকে সৰু কৰি ৰাখিছিল মাটিৰ কৰি ৰাখিছিল।
জুবিন কেৱল মঞ্চৰ মানুহ হৈ ৰোৱা নাই।
তেওঁ সেই প্ৰেমক আৰু আগবঢ়াই নিছিল—সমাজলৈ।
ফেনসকলৰ পৰা পোৱা প্ৰেম তেওঁ জমা কৰি থোৱা নাই; তেওঁ সেইটো পুনৰ মানুহৰ মাজতেই উভটাই দিছিল।
ধীৰে ধীৰে তেওঁ গায়কতকৈ অধিক ভূমিকা ল’ব ধৰিছিল—
সমাজসেৱী, দানকাৰী, বহু নীৰৱ কামৰ সহায়কাৰী।
বহুত কাম তেওঁ কৰিছে যিবোৰ হয়তো আমি জানো নে জানো নোৱাৰো। হয়তো মই নিজেও সম্পূৰ্ণকৈ নাজানো।
কাৰণ সকলো কাম তেওঁ ঘোষণা কৰি কৰা মানুহ নাছিল।
এইটোৱেই জুবিনৰ ডাঙৰ গুণ।
তেওঁ নিজৰ নাম ব্যৱহাৰ কৰি নিজৰ স্বাৰ্থ বঢ়াবলৈ নহয়, আনক আগবঢ়াবলৈ চেষ্টা কৰিছিল।
এইবোৰ কামে তেওঁক কেৱল এজন শিল্পী হিচাপে নহয়, এজন দায়বদ্ধ মানুহ হিচাপেও গঢ়ি তুলিছিল।
এইবাবেই জুবিন কেৱল এটা সময়ৰ heartthrob হৈ শেষ হোৱা নাই।
তেওঁ নিজৰ উপস্থিতি, নিজৰ মানৱীয়তা, নিজৰ দায়িত্বৰ জৰিয়তে নিজৰ legacy আৰু বহলাই নিছিল—গানেৰে, কামেৰে, আৰু নীৰৱ সহায়ৰে।
এইবোৰ কথা জানি বা নজনাকৈ, কেৱল ব্যক্তিগত জীৱনৰ কিছুমান টুকুৰাক লৈ তেওঁক বিচাৰ কৰাটো একেবাৰে অনুচিত।
কাৰণ যিজনে নিজৰ খ্যাতিক মানুহৰ উপকাৰত ব্যৱহাৰ কৰিব পাৰে, তেওঁ ইতিমধ্যে সেই স্তৰত আছে য’ত সস্তা সমালোচনাই তেওঁক স্পৰ্শ কৰিব নোৱাৰে।
আজিকালি জুবিনৰ কথা যদি কোনোবাই বেয়াকৈ কয়, পাৰিলে কথাই নাপাতোঁ, বা এৰাব নোৱাৰা সম্বন্ধ হলে, মাতবোল নোৱাৰাত পৰিহে কৰোঁ। কিন্তু অন্তৰেদি সন্মান কৰা বন্ধ কৰোঁ। এনেকুৱা পাবত গজাইও সমালোচনা কৰে যি লগেই পোৱা নাই বা পাইছে যদিও তেওঁৰ তত্বই বুজা নাই।
বাদ দিয়া হে, সিহঁতৰ ক্ষমতাই নাই।
#angelhopeshaktiathena
#JustuceForZubeenGarg

4 months ago | [YT] | 1